Thursday, March 25, 2021

SIU approval order for the teachers appointed on 28th August 2020

এসাজ শুধ বগা কাপোৰ

"এসাজ শুধ বগা কাপোৰ "
✍ শ্ৰী প্ৰেম বৈষ্ণৱ 🖋
এসাজ শুধ বগা কাপোৰ , 
কাৰোবাৰ বাবে কিমান 
বেদনা দায়ক, যন্ত্ৰণাদায়ক, 
কিমান অভিশপ্ত হ'ব পাৰে ? 
ভাবিলেই বুকু কঁপি উঠে  ।
নিয়তিৰ পৰিহাসত সৰ্বহাৰা , 
অকালতে মনৰ মানুহজনক, 
চিৰবিদায় দিবলৈ বাধ্য হোৱা, 
অন্ধ সমাজৰ অন্ধ দৃষ্টিত 
অলক্ষী,ডাইনী, কুলক্ষণীয়া, 
আদি নিকৃষ্ট বাক্যবানেৰে, 
থকা-সৰকা কৰা নিৰপৰাধী, 
আই-মাতৃৰ মৰ্মান্তিক আঘাত, 
ভুক্তভোগীৰ বাহিৰে  কোনোবাই , 
হৃদয়ৰে অনুধাৱন কৰিব নোৱাৰে ।
কামাতুৰ নৰপিশাচ বোৰৰ  দৃষ্টিত , 
প্ৰতি মুহুৰ্ততে ধৰ্ষিতা হোৱা, 
আই মাতৃ সকলৰ মনৰ বেদনা বোৰ, 
এবাৰ অনুধাৱন কৰি চাবচোন,
বৈধব্যৰ কৰুণ জীৱন গাঁথা ... 
নাপায়, নুচুবা, এইটো নকৰিবা... 
আদি ""না""  শব্দৰে বৈধব্যৰ জীৱনৰ, 
সকলো স্বাধীনতা নিৰ্দয়তাৰে কাঢ়ি, 
অহৰ্নিশে হৃদয়ত উমি উমি
জ্বলি থকা জুইকুৰাত ঘিউ ঢালে ।
এসাজ শুধ বগা কাপোৰ , 
কাৰোবাৰ বাবে কিমান  নিষ্ঠুৰ , 
কিমান কঠোৰ  যন্ত্ৰনা দায়ক, 
ভাবিলেই বুকু কঁপি উঠে .... 
ভাবিলেই বুকু কঁপি উঠে  ॥

Tuesday, March 23, 2021

সৈনিকৰ জীৱন গাথা

"সৈনিকৰ জীৱন গাঁথা"
✍ শ্ৰী প্ৰেম বৈষ্ণৱ 🖋
হাতৰ মুঠিত জীৱন টো লৈ, 
প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত, 
স্বদেশ মাতৃৰ সেৱাত নিয়োজিত , 
মই  এজন নগণ্য  সৈনিক , 
অজান শত্ৰুৰ বন্দুকৰ বাৰুদে 
যিকোনো মুহুৰ্ততে মোৰ শৰীৰ, 
অথবা বুকুখন ছিদ্ৰ-বিছিদ্ৰ কৰিব , 
তাৰ কোনো নিশ্চয়তা নাই ।
আজি হয়তো সকলোৰে সৈতে, 
হাঁহিছো, খেলিছো, আনন্দত নাচিছো, 
কালি যে কি হ'ব কোনে জানে ভাই ? 
আমাৰ আশা-আকাংক্ষাবোৰে ,
নিষ্ঠুৰ পৰিস্থিতিৰ সৈতে যুঁজি যুঁজি ,
অনিচ্ছা স্বত্বেও পৰাজয় স্বীকাৰ কৰে , 
আমাৰ আশা বোৰ সদায়েই.... 
আশা হৈয়ে ৰয়, প্ৰাপ্তিৰ ঠিকনা  বহু দূৰৈত ,
দিন ৰাতি একাকাৰ কৰি, 
চৰ-চাপৰি, পাহাৰ ভৈয়াম আদি কৰি, 
মোৰ দেশৰ নিৰাপত্তাৰ বাবে, 
স্বজাতিৰ সুৰক্ষাৰ বাবে 
ভোকে ভাগৰে ঘূৰি ফুৰোঁ, 
বিশ্ৰামৰ নিৰ্দ্দিষ্ট কোনো  সময় নাই । 
আজি আছোঁ উজনিত ,
কালি বা ক'ত থাকিম গে  ? 
তাৰ কোনো নিশ্চয়তা নাই । 
সকলোকে আপোন বুলি ভাবোঁ , 
আমাৰ ব্যক্তিগত কোনো শত্ৰু নাই, 
সকলো ভাৰতীয়ই মোৰ আত্মিয়,
জাত-পাত বৰ্ণবৈষম্যৰ ভাবধাৰা, 
এইবোৰ ভাবিলৈকো প্ৰয়োজন নাই । 
আমাৰো আছে এখন মৰমৰ ঘৰ, 
মা-দেউতা, ভাইটি-ভন্টি.... 
সকলোৱে কুশল কামানা কৰি , 
পুৱা-গধূলা ঈশ্বৰক প্ৰাৰ্থনা কৰে , 
এইবাৰ বহাগত ঘৰলৈ যাম বুলি , 
পদূলিমুখত সকলোৱে আশাৰে, 
বাট চাই চাই সময় অতিবাহিত কৰে । 
এৰা ! এইয়াই আমাৰ সৈনিকৰ , 
বাস্তৱ জীৱনৰ কৰুণ গাঁথা  । 
যাওঁ বুলি কতো যাব নোৱাৰি ,
নিজৰ ইচ্ছাত কিবা কৰিবও নোৱাৰি । 
দেশ ৰক্ষক সৈনিক আমি..... 
একেজোৰ পোচাক সদায়েই পিন্ধো, 
ৰঙ-বিৰঙ পোচাকৰ আৱশ্যক নাই , 
এযোৰ ক'লা জোতাই যথেষ্ট । 
বিলাস বিহীন জীৱন আমাৰ ,
বিহু  আৰু দূৰ্গা পূজাৰ একো তফাত নাই ।

SIU approval order of Teachers appointed on 28th August 2020

Wednesday, March 3, 2021

BED Entrance Examination under IGNOU

http://ignou.ac.in/ignou/bulletinboard/news/latest/detail/Online_Registration_for__BED_OPENMAT_Post_Basic_Nursing_Program_Entrance_Test_for_January_2021-834

Regularisation of Service