"সৈনিকৰ জীৱন গাঁথা"
✍ শ্ৰী প্ৰেম বৈষ্ণৱ 🖋
হাতৰ মুঠিত জীৱন টো লৈ,
প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত,
স্বদেশ মাতৃৰ সেৱাত নিয়োজিত ,
মই এজন নগণ্য সৈনিক ,
অজান শত্ৰুৰ বন্দুকৰ বাৰুদে
যিকোনো মুহুৰ্ততে মোৰ শৰীৰ,
অথবা বুকুখন ছিদ্ৰ-বিছিদ্ৰ কৰিব ,
তাৰ কোনো নিশ্চয়তা নাই ।
আজি হয়তো সকলোৰে সৈতে,
হাঁহিছো, খেলিছো, আনন্দত নাচিছো,
কালি যে কি হ'ব কোনে জানে ভাই ?
আমাৰ আশা-আকাংক্ষাবোৰে ,
নিষ্ঠুৰ পৰিস্থিতিৰ সৈতে যুঁজি যুঁজি ,
অনিচ্ছা স্বত্বেও পৰাজয় স্বীকাৰ কৰে ,
আমাৰ আশা বোৰ সদায়েই....
আশা হৈয়ে ৰয়, প্ৰাপ্তিৰ ঠিকনা বহু দূৰৈত ,
দিন ৰাতি একাকাৰ কৰি,
চৰ-চাপৰি, পাহাৰ ভৈয়াম আদি কৰি,
মোৰ দেশৰ নিৰাপত্তাৰ বাবে,
স্বজাতিৰ সুৰক্ষাৰ বাবে
ভোকে ভাগৰে ঘূৰি ফুৰোঁ,
বিশ্ৰামৰ নিৰ্দ্দিষ্ট কোনো সময় নাই ।
আজি আছোঁ উজনিত ,
কালি বা ক'ত থাকিম গে ?
তাৰ কোনো নিশ্চয়তা নাই ।
সকলোকে আপোন বুলি ভাবোঁ ,
আমাৰ ব্যক্তিগত কোনো শত্ৰু নাই,
সকলো ভাৰতীয়ই মোৰ আত্মিয়,
জাত-পাত বৰ্ণবৈষম্যৰ ভাবধাৰা,
এইবোৰ ভাবিলৈকো প্ৰয়োজন নাই ।
আমাৰো আছে এখন মৰমৰ ঘৰ,
মা-দেউতা, ভাইটি-ভন্টি....
সকলোৱে কুশল কামানা কৰি ,
পুৱা-গধূলা ঈশ্বৰক প্ৰাৰ্থনা কৰে ,
এইবাৰ বহাগত ঘৰলৈ যাম বুলি ,
পদূলিমুখত সকলোৱে আশাৰে,
বাট চাই চাই সময় অতিবাহিত কৰে ।
এৰা ! এইয়াই আমাৰ সৈনিকৰ ,
বাস্তৱ জীৱনৰ কৰুণ গাঁথা ।
যাওঁ বুলি কতো যাব নোৱাৰি ,
নিজৰ ইচ্ছাত কিবা কৰিবও নোৱাৰি ।
দেশ ৰক্ষক সৈনিক আমি.....
একেজোৰ পোচাক সদায়েই পিন্ধো,
ৰঙ-বিৰঙ পোচাকৰ আৱশ্যক নাই ,
এযোৰ ক'লা জোতাই যথেষ্ট ।
বিলাস বিহীন জীৱন আমাৰ ,
বিহু আৰু দূৰ্গা পূজাৰ একো তফাত নাই ।
No comments:
Post a Comment