✍ শ্ৰী প্ৰেম বৈষ্ণৱ 🖋
এসাজ শুধ বগা কাপোৰ ,
কাৰোবাৰ বাবে কিমান
বেদনা দায়ক, যন্ত্ৰণাদায়ক,
কিমান অভিশপ্ত হ'ব পাৰে ?
ভাবিলেই বুকু কঁপি উঠে ।
নিয়তিৰ পৰিহাসত সৰ্বহাৰা ,
অকালতে মনৰ মানুহজনক,
চিৰবিদায় দিবলৈ বাধ্য হোৱা,
অন্ধ সমাজৰ অন্ধ দৃষ্টিত
অলক্ষী,ডাইনী, কুলক্ষণীয়া,
আদি নিকৃষ্ট বাক্যবানেৰে,
থকা-সৰকা কৰা নিৰপৰাধী,
আই-মাতৃৰ মৰ্মান্তিক আঘাত,
ভুক্তভোগীৰ বাহিৰে কোনোবাই ,
হৃদয়ৰে অনুধাৱন কৰিব নোৱাৰে ।
কামাতুৰ নৰপিশাচ বোৰৰ দৃষ্টিত ,
প্ৰতি মুহুৰ্ততে ধৰ্ষিতা হোৱা,
আই মাতৃ সকলৰ মনৰ বেদনা বোৰ,
এবাৰ অনুধাৱন কৰি চাবচোন,
বৈধব্যৰ কৰুণ জীৱন গাঁথা ...
নাপায়, নুচুবা, এইটো নকৰিবা...
আদি ""না"" শব্দৰে বৈধব্যৰ জীৱনৰ,
সকলো স্বাধীনতা নিৰ্দয়তাৰে কাঢ়ি,
অহৰ্নিশে হৃদয়ত উমি উমি
জ্বলি থকা জুইকুৰাত ঘিউ ঢালে ।
এসাজ শুধ বগা কাপোৰ ,
কাৰোবাৰ বাবে কিমান নিষ্ঠুৰ ,
কিমান কঠোৰ যন্ত্ৰনা দায়ক,
ভাবিলেই বুকু কঁপি উঠে ....
ভাবিলেই বুকু কঁপি উঠে ॥
No comments:
Post a Comment